আনক কন্দুৱাই নো কি ভাল পাৱ
জানি শুনিও সেই গান গাৱ
যি গানত আছে মাথো চকুলোৰ ধাৰ
অন্তহীন বিষাদে নেদেখে য’ত পাৰাপাৰ
প্ৰীতি আছিল এক ছলনাৰ ব’ঠা
ভূৱা প্ৰতিশ্ৰুতিৰে মালা গ’ঠা
বসন্তৰ ৰং নাই তাত
নাই কুলিৰ অমিয়া মাত
নেপুৰৰ ৰিম ঝিমে নাগাই য’ত
শ’ত যৌৱনৰ মিলন গীত ত’ত,
মৰিচিকাৰ ম’ৰাশহে ওলমে লমা-লমে
তৄষ্ঞাতুৰ বাটৰুৱাৰ পিয়াহ নুগুছে
সঁচাৰ অকনো লেখ -জোখ নাই তাত
বনৰীয়া ফুলৰ সুঘ্ৰাণে হেৰুৱাই বাট,
হুলকেই কৰ যদি
ফুল বুলি ভুল
আমৄতু ৰ’ব জানো সেই মোল
জীৱনে নাসানিব নে তাত সুখৰ বোল
উপলব্ধিয়ে কৰিব নিকা বাটচ’ৰা
ধুলিৰ কুঁৱলী আঁতৰিব কাষৰ পৰা
ভুলৰো আছে শুধৰণি আছে জান,
সেয়েহে জীৱন ইমান বিশাল
প্ৰেম ইমান মোহনীয়
পাহৰি পেলা আজি শোকৰ ডোল
আকাশে পিন্ধিছে শত -সহস্ৰ তৰাৰে বোল
গোলাপ, তগৰ, সেউতী , যুটি, যাই
গাঠি আছো পোহৰৰ গান এটি গাই গাই
বিষাদৰ মালিতা শেতেলীতে আঁতৰাই থৈ
উদং গাত মেৰিয়াই ল’ মৰমৰ কবচ নৈ
আজি মৰণ নেওচি অশ্ৰু জিনি
জীৱন বীক্ষাৰে ল মন্ত্ৰ ধ্বনি
তই জীৱন ৰণৰ ৰণুৱা ৰনজয়
অ’ তৰুণ ডেকা
সেয়ে হ’ব তোৰ সাহসৰ আচল পৰিচয়....!
No comments:
Post a Comment