Friday, January 19, 2024

বুলনি








 এথোপা ফুল হৈ ফুলে

সময়ৰ ফুলনি


দি যায় একাঁজলি উম
'দ হৈ বাগৰি

গান হৈ দিব যেন
হেপাহৰ কলি

সামৰি থব খোজোঁ
অনন্ত সময়ৰ বুলনি

বৰ্ণালী

Tuesday, July 11, 2023




ডাক দিয়া চৰাইৰ মাতত

সাৰ পাই পুৱতি

কূজনৰ হাত ধৰি
আহে পোহৰ জেউতি

সুদীৰ্ঘ ৰাতিৰ এন্ধাৰ
ডেউকাত বান্ধি

উৰে পখী
পোহৰ অভিমুখী !

Monday, July 10, 2023

এথোপা ফুলে যাঁচে
প্ৰীতিৰ সমল


 উপহাৰ দিয়ে বাগিছাই
সৌন্দৰ্য্য অমল

যামিনীৰ বৰিষণাত 
দোঁ খাই পাপৰি


পাহিয়ে লয় অতি 
উচাহেৰে আদৰি

 টলমল হৈ টোপাল 
দুলি থাকে প্ৰতিপল

তথাপিওচোন থাকে তাত
উচাহৰ সমদল 


তল-সৰাৰ
জিনি ভীতি


শ্ৰোতস্বিনী হৈ জীৱন
বৈ থাকে অবিচল!

Thursday, July 6, 2023




 

কেতিয়াবা ছাগে
আপুনিও এখন্তেক ৰয়

বাটৰ কাষত ফুলা ফুলে
চাক্ষুষ ভৰাই তুলিলে



কেতিয়াবা ছাগে
আপুনিও এখন্তেক ৰয়

ৰ'দ আৰু মেঘৰ
 ধেমালি চাবলে 

আহিনৰ সেউজ পথাৰখন 
বতাহত হালি-জালি নাচিলে

আঘোণৰ সোণোৱালী ঠোকবোৰে 
আপোনাক হাতবাউল দিলে 

 পানী পৰা শুকান মাটিৰ সুঘ্ৰাণ 
নাসিকাৰে টানি লবলৈ 

নতু বৰষুণ এজাকক 
দুহাত মেলি সাবটিবলৈ

 
খালি ভৰিৰে খোজ দিবলৈ
বননিৰ দলিচাত

  মন ভৰি উঠেনে 
 নিজৰাৰ কুলু-কুলু শব্দত 


সাগৰৰ ঢৌৰ গৰ্জন 
লহৰৰ উঠা আৰু নমা 

খোজে পতি বালিচৰৰত 
 ভৰিৰ পতা ধুৱাই দিয়া


পাতৰ মাজেৰে সৰকি অহা 
জোন চাই মাতাল হয়নে?

এগাওঁ এন্ধাৰ নেউচি টিপটিপাই থকা 
জোনাকীজাকৰ সতে খোঁজ লয়নে?


কেতেকীৰ সুবাসৰ সতে বতাহজাকে  
কঢ়িয়াই আনিলে কুলিটিৰ মাত

আপুনিও ভাল পায়নে
পখীৰ কূজনৰ ডাক?

খন্তেক ৰৈ আপুনিও
 মগন হয়নে তাত !
06/07/23

Wednesday, June 22, 2022

প্ৰিয় ফুল

 কেতিয়াই কলো দেখোন তোমাক


 
প্ৰিয় ফুল  মোৰ গোলাপ 


..
ক্ণ্টকাৰ্কীণ   হৈয়ো যি বিলাব পাৰে সৌৰভ



হাঁহি  মুখে সহিব পাৰে ঘাত প্ৰতিঘাত...

পিষ্ট হোৱা হাত দুখনিতো থাকি যায়




 যাৰ সুবাস...!!!

Sunday, December 12, 2021

 


কৃতজ্ঞতাৰ চিঠি

(Letter of gratitude)

 

কৃতজ্ঞ মই

বাগিচা উপচি থাকে

নানা ৰঙী ফুলেৰে

সুবাসেৰে মন ভৰাব পৰাকৈ

 

কৃতজ্ঞ মই

প্ৰতিতো ঋতুতে প্ৰকৃতি

ৰাঙলী হয়,

সকলো সম্ভাৰলৈ,

সুখ আৰু দুখৰ মাজতো

স্থিতপ্ৰজ্ঞ হৈ,

 

কৃতজ্ঞ মই

পোৱা নোপোৱাৰে

উপচি থাকে দূকুল,

বতাহত বিয়পে ধূপৰ গোন্ধ

দূহাত জুৰিব পৰাকৈ,

 

 

 

কৃতজ্ঞ মই

তুলিকা দিলা

মন গলেই ছবি আঁকিব পৰাকৈ

সমন্বয়ৰ চিত্ৰপটত

আনৰ সুখ আৰু দুখত

বিলীন হʼব পৰাকৈ

 

কৃতজ্ঞ মই

দুহাত ভৰাই দিলা

অপূৰ্ণতাৰ অৱকাশ নথকাকৈ।

Attachments area

Monday, November 8, 2021

ৰূপালী পানেচৈ

 

নীলিম আকাশত জিলিকি উঠক

অনুভৱী আশাৰ
ৰূপালী পানেচৈ,
তৰাফুল জিলিকা সোণালী  পানীৰে বৈ
জিকমিক বালিচন্দাৰ উজলা কণাটি লৈ,
চিকমিক বালিৰে মোহিনী হাঁহিটি সামৰি
দিবহি কঁঁহুৱাৰ   আলফুল বতৰা লাহৰি!