Thursday, July 6, 2023




 

কেতিয়াবা ছাগে
আপুনিও এখন্তেক ৰয়

বাটৰ কাষত ফুলা ফুলে
চাক্ষুষ ভৰাই তুলিলে



কেতিয়াবা ছাগে
আপুনিও এখন্তেক ৰয়

ৰ'দ আৰু মেঘৰ
 ধেমালি চাবলে 

আহিনৰ সেউজ পথাৰখন 
বতাহত হালি-জালি নাচিলে

আঘোণৰ সোণোৱালী ঠোকবোৰে 
আপোনাক হাতবাউল দিলে 

 পানী পৰা শুকান মাটিৰ সুঘ্ৰাণ 
নাসিকাৰে টানি লবলৈ 

নতু বৰষুণ এজাকক 
দুহাত মেলি সাবটিবলৈ

 
খালি ভৰিৰে খোজ দিবলৈ
বননিৰ দলিচাত

  মন ভৰি উঠেনে 
 নিজৰাৰ কুলু-কুলু শব্দত 


সাগৰৰ ঢৌৰ গৰ্জন 
লহৰৰ উঠা আৰু নমা 

খোজে পতি বালিচৰৰত 
 ভৰিৰ পতা ধুৱাই দিয়া


পাতৰ মাজেৰে সৰকি অহা 
জোন চাই মাতাল হয়নে?

এগাওঁ এন্ধাৰ নেউচি টিপটিপাই থকা 
জোনাকীজাকৰ সতে খোঁজ লয়নে?


কেতেকীৰ সুবাসৰ সতে বতাহজাকে  
কঢ়িয়াই আনিলে কুলিটিৰ মাত

আপুনিও ভাল পায়নে
পখীৰ কূজনৰ ডাক?

খন্তেক ৰৈ আপুনিও
 মগন হয়নে তাত !
06/07/23

No comments:

Post a Comment