খিড়িকী মেলিয়েই চুই চাঁও মই
শেৱালীৰ দোকমোকালি পুৱা
ভৰিৰ পতাত সানি লওঁ
দুবৰিৰ নিয়ৰৰ দলিচা
জাক পখীৰ কলৰবেৰে
মুখৰিত কৰোঁ মোৰ দিন,
ডাৱৰৰ শুভ্ৰ টুকুৰাই
আকাশৰ নীলিমাত পাতে গুঞ্জন
সন্ধিয়াৰ ছকা-মকা পোহৰত
উপঙি উঠে খৰিকাজাঁইৰ ক্ষণ,
নিৰ্জন দুপৰীয়াই কঢ়িয়াই আনে
দূৰণিৰ গৰখীয়াৰ উন্মনা উকি
ৰাতিৰ উমাল কোলাত
আইতাৰ সতে শুনা সাধুকথাৰ কুঁকি,
স্নিগ্ধ জোনাকে বোকোচাত বৈ অনা
হাচনাহানাৰ সুৰভিত মতলীয়া মই ।
শৰত টোপ টোপ কৈ সৰি পৰা
তুমি মোৰ চোতালত বকুলৰ দলিচা হৈ…
No comments:
Post a Comment