Thursday, October 20, 2011

অচিনাকী মুখ

  বহুতো  অচিনাকী  মুখৰ মাজতো
  দেখা  পাওঁ চিনাকী  মুখ

 হাঁহি ভৰা, সৰল, কপটতাবিহীন
   পিন্ধি থাকে নেকি সকলোৱে

   এখন  অচিন মুখা
   লুকুৱাই দুখৰ  বৈভৱ
   নাটৰ জৰীত  ওলমী থকা
   কাঠ পুতলীৰ  শৈশৱ,

   নাচি থাকে মন্ত্ৰমুগ্ধ হৈ
   জীৱন যুঁজৰ আখৰাৰ ৰংঘৰত
   যেতিয়ালৈ আঁৰ কাপোৰ নপৰে চোঁঘৰত !

No comments:

Post a Comment