Thursday, February 16, 2012

ফাগুন



মোৰ জোনাক যেন সপোন জাক
কুহিঁ পুৱাতেই বুটলি আনিলো
অকনি আকাশত বিলাবলৈ
কুঁৱলি সনা চাদৰৰ ভাঁজ খুলি
মলয়াজাকে ডুবৰিত নিয়ৰ ফুল তোলে
তৰা ফুল বোৰে ৰাতি বৰকৈ বিনাইছিল
তাহাঁতৰো চাগৈ কিমান হেপাহ
প্ৰকৄতিৰ চোতালত উমলিবলৈ
ফাগুন চোন আকৌ ঘূৰি আহিলেই
লঠ্ঙা পলাশ জোপাত ওলমিবলৈ
কমলাবুলীয়া সাঁজজোৰ পিন্ধি
তাইৰ যে কিমান কথা
চকচকী সখীয়তি জনীৰ সতে,
ওৰনি বাৰণি লৈ বৰদৈ চিলা জনী ওলাইছেই
ফাগুনৰ ভৰুণ বুকু নাঙঠ কৰিবলৈ
ডৰিক জনীৰো আকৌ কহুঁৱাৰ সতে মিতিৰালি
নৈৰ পাৰৰ বালি ধুমুহাৰে আকৌ তাইৰ চুপতা-চুপতি
যেনেকৈ পালতৰা খনে পাতে সুৰুজৰে শঠা-মিতিৰালি
হে’ৰ নাৱৰীয়া বিনাবিনে নুশুনা সুৰ এটি
বছৰটো নৌ ঘূৰোতেই
নামাতো বুলোতেই
নাচনীৰ ৰিহা উৰুৱাবলৈ
ঘূৰি ফাগুন দেখোন আহিলেই..
শিমলুৰ কোলা শুৱাবলে..

No comments:

Post a Comment