Sunday, December 12, 2021

 


কৃতজ্ঞতাৰ চিঠি

(Letter of gratitude)

 

কৃতজ্ঞ মই

বাগিচা উপচি থাকে

নানা ৰঙী ফুলেৰে

সুবাসেৰে মন ভৰাব পৰাকৈ

 

কৃতজ্ঞ মই

প্ৰতিতো ঋতুতে প্ৰকৃতি

ৰাঙলী হয়,

সকলো সম্ভাৰলৈ,

সুখ আৰু দুখৰ মাজতো

স্থিতপ্ৰজ্ঞ হৈ,

 

কৃতজ্ঞ মই

পোৱা নোপোৱাৰে

উপচি থাকে দূকুল,

বতাহত বিয়পে ধূপৰ গোন্ধ

দূহাত জুৰিব পৰাকৈ,

 

 

 

কৃতজ্ঞ মই

তুলিকা দিলা

মন গলেই ছবি আঁকিব পৰাকৈ

সমন্বয়ৰ চিত্ৰপটত

আনৰ সুখ আৰু দুখত

বিলীন হʼব পৰাকৈ

 

কৃতজ্ঞ মই

দুহাত ভৰাই দিলা

অপূৰ্ণতাৰ অৱকাশ নথকাকৈ।

Attachments area

No comments:

Post a Comment