Thursday, February 16, 2012

উত্‍সৰ্গিত আত্মা









    তোমাৰ  হাততেই   উত্‍সৰ্গিত  এই   আত্মা| 

    তোমাতেই  বিলিন  হ্য়|



 শতভিষা প্ৰৰ্স্ফূতিত হওঁক ৰন্ধ্ৰে ৰন্ধ্ৰে

   তোমাৰ  কোকিল কণ্ঠৰ পৰশত|  

দোকমোকালিৰ সপোনবোৰ জীপাল হঁওক


 বন্যাৰ্ত লাভাৰ সুহুৰিতশিলাস্তৰ হব 


 খোজা আশাবোৰক পিন্ধাই দিব খোজো


স্ফিনিক্স পখীৰ দেউকা| অগ্নিকণাৰ স্ফটিক



 পোহৰত উজ্জলক আপোন ঠিকনা |


 অৰ্দ্ধোদ্য়  মূহূৰ্ত্তত মহাজাগতিক নক্ষত্ৰৰ 


অজবীথিত আবিস্কৄত হওঁক অমৱত |  


আত্মহাৰা, আত্মমগনৰ দৰ্শনত দিকদৰ্শক 


হওঁক অশৰীৰি আত্মা| স্বত:স্ফূৰ্ত ভাবে 


আবিস্কৄত হওঁক প্ৰেমৰ এক অনন্য সত্য




"ন হন্যতে হন্য মানে শৰীৰে..."

No comments:

Post a Comment