Monday, July 20, 2020




আকাশলৈ চাই তন্ময় হয় ভাবোঁ

ডাৱৰবোৰ উৰি অহা হʼলে

আথে বেথে কমোৱা তুলাৰ

মৰম এসোপা সানিবলৈ,

নাইবা পাখিত পাখি লগাই

উৰি উৰি যাম যেন

দূৰ দিগন্তৰ এচমকা পোহৰৰ

পিছে পিছে নাছি বাগি ফুৰিবলৈ,

কেতিয়াবা ভাবোঁ আকাশখনৰ

সীমনাৰ সিপাৰে জুমি চাব পৰা হʼলে

বৈ পৰা নীলাভ দ্যুতিৰ আভাবোৰ

সকলোতে সিঁচি গʼলো হয়,

সূৰুযে হঁহা দেশ খনৰ

এসোপা মেটমৰা হাঁহি আনি

পৃথিৱীত বিলাই দিলোঁ হয়,

আনন্দৰ বীজ ঘৰে ঘৰে উঠলি উঠা কৈ,

তন্ময় হৈ চাই থাকো

সেউজী গছৰ আগবোৰ,

বতাহতে উমলি-জামলি কিমান যে কথা,

হালি অহা হʼলে সখী বান্ধিলো হয়,

জিৰ জিৰ শব্দৰে কথা পাতি,

কথকতাৰে মন পূ্ৰ্ণ কৰিবলৈ,

ৰথত ভ্ৰমা দিনমণিৰ

এখুদ মান ৰʼদ আহকচোন উৰি,

সময়ৰ সʼতে অলপ চুপতি মাৰিবলৈ,

ৰʼদালি বতৰৰ ফৰকাল মনবোৰ

সৰি পৰক বিচ্ছুৰিত পোহৰৰ সতে উমলিবলৈ।

No comments:

Post a Comment