Wednesday, July 2, 2014

জৰী

অসমান্য  দুবৰীৰ  জৰীৰে
মেৰিয়াই  বান্ধা  মোক
পলে পলে প্ৰতিপলে,

প্ৰতিটো উশাহে ঘূৰাই  আনে
ফাগুনৰ ধূলিয়ৰী  বাট
নঙঠা  ডালতো ওলমে কুঁহিপাত,

সেউজ জীপাল মৄন্ময়ী  মন
তোমাৰ বাগিচাৰ মুকুতা বন
আৱৰি ৰাখা মোক প্ৰতিক্ষণ !


No comments:

Post a Comment