ধুমুহাতো লেকাত নালাগে
বজ্ৰৰ গৰ্জনতো শিৰনত নকৰে সিহঁতে
থিক তোমাৰ দৰেই !
দিব পাৰে বিশালতা নীল আকাশক
স্নিগ্ধ ছন্দত বলিয়া বা
হালি -জালি গাব পাৰে জীৱনৰ গান
দুখতো বিৰিঙাই হাঁহি
অবিশ্ৰান্ত বৰষাৰ টোপালে
যেন সজীৱ কৰে ভাগৰুৱা দেহ
প্ৰখৰ সুৰুজতো পিন্ধি লয় লৌহ কঠিন প্ৰতিজ্ঞা
মেলি দিয়ে প্ৰতিশ্ৰুতিৰ ছাঁয়া
দুহাত ধিয়াই চুবলৈ নীলাৰ সীমনা
জুৰ দিয়ে বগোৱা আশা লতাক
দুহাত ধিয়াই চুবলৈ নীলাৰ সীমনা
জুৰ দিয়ে বগোৱা আশা লতাক
পাতৰ ফাকেৰে অবিৰাম সৰকে দুখবোৰ
অমৱতৰ ন-কুঁহি ওলোৱাৰ আশাৰে....
No comments:
Post a Comment