Friday, July 6, 2012

হীৰুদালৈ


হীৰুদালৈ
মুঠি মুঠিকৈ সৰি পৰে
ধুসৰিত  সময
ধানৰ মুঠিৰ পৰা য়িদৰে
হয পতান বিন্য়াস

তোমাৰ মুঠি নিগৰা কাচিঁয়লিৰ বাবেই
ভাল পাবলৈ শিকিলো
এৰা পৰলীযা শব্দবোৰ
লালন-পালন কৰিছিলা য়াক
নিজ সন্তানৰ দৰে,

আইৰ আগৰণুৱা ঘোঁৰাটোৰ
তেজে ট্গ-বগাই থকা কলিজাটোত
বোৱালা কেৱল মাতৄপূজাৰ তুলি

বিষাদৰ কলা দিনটি হৈ
এটি অজুহাত পাই গুছি গলা
জালিকটা জোনাকৰ মাজেদি…..

এতিযা এন্ধাৰ নামে
গোলাপৰ বুকুৱেদি
লোতকেৰে দুগাল ধোৱাই

No comments:

Post a Comment