বৰষুণ
নামি আঁহা
তুমি
মোৰ বুকুলৈ
এজাক
য়েন শৰালী হাঁহ হৈ
দুবৰি
বন জিলিকোৱা
জিৰ
জিৰ মুকুতাৰ শাৰী হৈ
শুভ্ৰ-বসনা
আলসুৱা পৰী হৈ
আকলুৱা
হৄদযৰ এজাক বাসনা হৈ
নেজানিলেও
ক্ষতি নাই তোমাৰ
গোপনে
কিমানে কান্দে
তোমাতে
মুখ লুকুৱাই
উষ্ণ
আবেগৰ মুষুলধাৰাত
হেপাহৰ
চিক-মিকনি বোৰ
তোমাতে লীন
য়ায…
শাওনেও ৰাখে
আটকীযা আশা
তথাপিও দেখো
কৰা
নিৰবিছিন্ন
কৰঘাত
চূৰ্ণ কৰা
লক্ষ্য়জনৰ মনৰ দাপোণ
পলকতে উটুৱাই
সেউজীযা সপোন
সেযে নেকি তৄষাতুৰ তুমি আজিও
আনক হহুঁৱাই, কন্দুৱাই
নিজেও কান্দানে তুমি?
No comments:
Post a Comment