Friday, March 30, 2012

তুমি অহাৰ আগতে

তুমি অহাৰ  আগতে
  উখল  মাখল  লাগে  বুকু
   ভৰি  উঠে  স্ৰোতস্বীনি  নদী
 অশান্ত পল -অনুপলেৰে
 কল্লোলিত পল্লৱৰ নিমগ্ন প্ৰহৰেৰে
 সময় বোৰে যেন    লুকা-ভাকু খেলে
 ঘড়ীত বন্দী  হয় প্ৰতি ডাৰে   ডাৰে
 আকুল  অনুচ্চাৰিত আশাবোৰে
 সময়ৰ লেখ   লেখে
 তোমাৰ  পদধ্বনিৰ সুৰৰ
 প্ৰতিধ্বনি  শুনাৰ হেপাহত
 ৬  বাজিলেই    চাগে ........
  অহ’   এতিয়াও  কিমান  দূৰ  বাকী.........

No comments:

Post a Comment