এটি উজ্জল জ্যোতিস্ক হোৱাৰ
ঘাট-প্ৰতিঘাটত নহবা ক্ষত-বিক্ষত
কিম্বা কোনোদিনই কক্ষচ্যুত
সবলকৈ গাঠি লোৱা চৌপাশৰ বেষ্টনী
ধুমুহাত কাবু নোহোৱাকৈ
নিজৰ সত্বাক যেনেকৈ
ৰাখা আলফুলে তেনেকৈ
মিচিকি হাঁহিৰে জিনা দুৰ্গমতা
সফলতাই চুমিব উচ্চ শিখৰ
নিস্ব জনৰ বাবেইতো তোমাৰ এই আয়োজন
আত্ম বিশ্বাসতেই কৰা যেন নিয়োজন
পাথেয় তোমাৰ আশীষ হেজাৰজনৰ
লক্ষ্য যে জ্যোতিস্মান তেজাল মনৰ
No comments:
Post a Comment