Wednesday, October 27, 2021

এপাহি দুপাহি

 এপাহি দুপাহিকৈ 

এথোপা হাঁহি
ফুলৰ বৰণেৰে
গাঁথিছে পাহি
শুভ্ৰ, গোলাপীৰে
দেহ মন জুৰুৱা,
মনে মতলীয়া 
বতাহ ঐ কুৰুৱা,
বাগিচা সজোৱা 
মধুৰ মুৰুতি
মৌচাক ভৰোৱা
সুৰভিত কবৰি।

 

সপোন

 

সপোন

সপোনৰে এটি লাহি পাহি

দিঠকতে উৰি  পৰিল  আহি,

ভাঁহি যোৱা মিঠা  সুৰ এটি

চুই গʼল গছৰ আগলি পাতটি,

এই নিবিড় হেঙুলী পৰত

বৈ পৰে এচাটি ৰূপালী পোহৰ,

সমীৰণে যেন যাঁচেহি সদায়

পোহৰৰ বৰষাৰ  অনেক আসাৰ,

মধুময় সেই অসীম কিৰণ

তমসা বগাই যি আনে হিৰণ,

বা লগা ৰথৰ পাখিত উঠি  যায়

শব্দৰ দল ঢৌতে কৰে তলমল,

সেমেকা বতাহৰ কঁপনিত ডোলে

নিয়ৰৰ স্ফটিক যেন টোপাল জলমল,

নিসাৰ নিফুট গধূলি আহে

কবৰীত হাচনাহানাৰ সুবাস বৈ,

অজান নিজান উজাৰি পৰে

হৃদয়ত গোলাপৰ সুবাস হৈ।

 

সপোন

 

 

গোলাপৰ সুৰ

গোলাপৰ সুৰ

দুপাহিত ওপঙি ৰয় 
বিশুদ্ধতাৰ একতা
মৌমিঠা চঞ্চল সুবাসৰ
জীৱন ভৰা স্নিগ্ধতা
সুৰভিত আকাশে বয়
দুৰু দুৰু কঁপনিৰ উশাহ
আমোলমোল বতাহে কয়
সুগন্ধিত গানৰ নিৰ্যাস
কাঁইটতে জীৱনৰ মধুৰ অৱগাহন,
অম্ল-মধু চকুলোৰ বিজয় উদযাপন,
শুভ্ৰ গোলাপৰ সাতোৰঙী ভিন্নতা
সজাই তোলে তাৰেই অপাৰ পূৰ্ণতা।

 

মন্দিৰ

 মন্দিৰৰ দীঘলীয়া বাট শূন্য হৈ পৰিছে

সেউজীয়া হৈ উঠিছে  বিশ্বাসৰ ঘাঁহনি,
পখীৰ কাকলিৰ আৰাৱত ভাঁহিছে আৰতি,
পুৱা- গধূলীৰ শংখ, ঘন্টাৰ মঙ্গল ধ্বনি,
দেৱতাৰ বিগ্ৰহ মানুহে মনত থাপিছে
সত্য, শিৱ, সুন্দৰৰ  আৰাধনা কৰিছে,
আগবঢ়াইছে সহায়ৰ দুখনি হাত
দুখৰ দিনৰ সেই অমাতৰ মাত
নিৰ্মল বতাহৰ এক সকিয়নি বাৰ্তা
পিন্ধোৱা পৃথিৱীক সেউজ আৱৰণৰ মাত্ৰা
নিৰ্ঝৰ ঝৰণাৰ দাপোনত প্ৰতিবিম্ব
নহওঁক মানব যেন নিজৰ কৰ্মতে হতভম্ব,
মানুহকে পূজো আজি নৰৰূপী ভগৱান,
সকলোৰে হৃদয়ে হৃদয়ে একেই ৰূপ মুৰ্তিমান।