Wednesday, October 27, 2021

সপোন

 

সপোন

সপোনৰে এটি লাহি পাহি

দিঠকতে উৰি  পৰিল  আহি,

ভাঁহি যোৱা মিঠা  সুৰ এটি

চুই গʼল গছৰ আগলি পাতটি,

এই নিবিড় হেঙুলী পৰত

বৈ পৰে এচাটি ৰূপালী পোহৰ,

সমীৰণে যেন যাঁচেহি সদায়

পোহৰৰ বৰষাৰ  অনেক আসাৰ,

মধুময় সেই অসীম কিৰণ

তমসা বগাই যি আনে হিৰণ,

বা লগা ৰথৰ পাখিত উঠি  যায়

শব্দৰ দল ঢৌতে কৰে তলমল,

সেমেকা বতাহৰ কঁপনিত ডোলে

নিয়ৰৰ স্ফটিক যেন টোপাল জলমল,

নিসাৰ নিফুট গধূলি আহে

কবৰীত হাচনাহানাৰ সুবাস বৈ,

অজান নিজান উজাৰি পৰে

হৃদয়ত গোলাপৰ সুবাস হৈ।

 

No comments:

Post a Comment