Wednesday, October 27, 2021

গোলাপৰ সুৰ

গোলাপৰ সুৰ

দুপাহিত ওপঙি ৰয় 
বিশুদ্ধতাৰ একতা
মৌমিঠা চঞ্চল সুবাসৰ
জীৱন ভৰা স্নিগ্ধতা
সুৰভিত আকাশে বয়
দুৰু দুৰু কঁপনিৰ উশাহ
আমোলমোল বতাহে কয়
সুগন্ধিত গানৰ নিৰ্যাস
কাঁইটতে জীৱনৰ মধুৰ অৱগাহন,
অম্ল-মধু চকুলোৰ বিজয় উদযাপন,
শুভ্ৰ গোলাপৰ সাতোৰঙী ভিন্নতা
সজাই তোলে তাৰেই অপাৰ পূৰ্ণতা।

 

No comments:

Post a Comment