মন্দিৰৰ দীঘলীয়া বাট শূন্য হৈ পৰিছে
সেউজীয়া হৈ উঠিছে বিশ্বাসৰ ঘাঁহনি,
পখীৰ কাকলিৰ আৰাৱত ভাঁহিছে আৰতি,
পুৱা- গধূলীৰ শংখ, ঘন্টাৰ মঙ্গল ধ্বনি,
দেৱতাৰ বিগ্ৰহ মানুহে মনত থাপিছে
সত্য, শিৱ, সুন্দৰৰ আৰাধনা কৰিছে,
আগবঢ়াইছে সহায়ৰ দুখনি হাত
দুখৰ দিনৰ সেই অমাতৰ মাত
নিৰ্মল বতাহৰ এক সকিয়নি বাৰ্তা
পিন্ধোৱা পৃথিৱীক সেউজ আৱৰণৰ মাত্ৰা
নিৰ্ঝৰ ঝৰণাৰ দাপোনত প্ৰতিবিম্ব
নহওঁক মানব যেন নিজৰ কৰ্মতে হতভম্ব,
মানুহকে পূজো আজি নৰৰূপী ভগৱান,
সকলোৰে হৃদয়ে হৃদয়ে একেই ৰূপ মুৰ্তিমান।
No comments:
Post a Comment