Monday, September 6, 2021

 ভূপেন দা লৈ


যুগান্তৰৰ তুমি যেন একোটি ভোটা তৰা


জিলিকোৱা উদভাসি অমৰ হৈ এই ধৰা


অৰুণ কিৰণ  স্নেহৰ অমল নৈ


আছিলা মাতৄৰ শিৰৰ ভূষণ হৈ,


পূৱাৰ প্ৰথম সুৰুজে চুমা


অসম দেশৰ তিমিৰ নাশা


বোৱালা যে শব্দৰ বিস্তীৰ্ণ ধাৰ


অন্তহীন ফল্গুৰে লুইতৰ দুয়োপাৰ


কৰি শতজনক শতজনক বুকুৰ আপোন


আছিলা সাক্ষাত প্ৰগতিৰ দাপোণ


দৄষ্টিত আছিল সীমাহীন পৰিধি


 একত্ৰিত জাতিৰ  সাম্য নীতি


লক্ষ্য এখনি সমাজ গঢ়াৰ


মিলনৰ সাঁকো তাতেই ৰচাৰ


উন্নতিৰ জখলাৰ স্বপ্ন দেখি


আগুৱাই মাথো আগুৱাই যোৱা


নিৰ্বলীৰ তুমি সাহস হোৱা


সমস্ত অগ্নি তোমাতেই বিলিন হ্য়


প্ৰতিটো স্ফুলিঙ্গই যুঁজাৰ কথা কয়


লুকুৱাই সমস্ত দুখ বেথা গ্লানি


ছন্দায়িত বতাহত শুনো প্ৰতিধ্বনি


দীপান্তৰৰ তুমি কোন স্বপ্নীল ডেকা


স্থবিৰ নোহোৱা গতি যেন ধ্ৰবতৰা,


আছিলা আজীৱন সত্য সুন্দৰৰ পূজাৰী


অনলসিক্ত বাস্তবৰ অতন্দ্ৰ প্ৰহৰী


গঙ্গা, ভল্গা, ব্ৰহ্মপুত্ৰতো তুমি প্ৰবাহমান


মিচিচিপি, অতোৱা , অষ্ট্ৰীয়াতো তুমিয়ে বিৰাজমান |


চিৰভাস্কৰ, চিৰশাশ্বত, চিৰ জ্যোতিস্মান,


দীপ্ত প্ৰতিতো ঢৌ লহৰে লহৰে অম্লান,


উদ্ভাসিত জোত্‍স্না, যামিনী, অসমীৰ সন্মান,


অস্ত আকাশত বোলাই যোৱা আবিৰ কনমান,


শত দুখীয়াৰ , নিষ্পেষিতৰ কণ্ঠেৰে নিগৰা ধ্বনি,


বুভুক্ষ, অস্শৄশ্য, বঞ্চিতৰ হাহাঁকাৰৰ নিনাদ তুমি,


লচমী বুধুৱাৰ প্ৰাণত তোলা নাচোনৰ ঝুমুৰ


পাহাৰ ভৈয়াম একে লগ কৰি ইমূৰ সিমূৰ


 


গংঙ্গাৰ পাৰতো আজি  অমানিশা নামে


তমসাছন্ন লহৰে আজি অন্তিম অঞ্জলি যাচে|


No comments:

Post a Comment