*বন্ধুত্ব
*
সহায়ৰ এখনি হাত,
আশ্বাসৰ এষাৰি মাত-
বন্ধুত্ব জীৱন বন্তিৰ গছা
উজলি ৰয় বিশ্বাস তাত।
বোকালৈ ঠেলি ৰং চোৱা ধেমালি,
উঠাবলৈ অহা প্ৰথম হাতখনি।
বন্ধুত্ব জোকোৱা হাঁহিৰ ভ্ৰুকুটি,
অবাটে গ'লে দিয়া খকৰা-মুকুটি।
বন্ধুত্ব
ঝংকাৰি উঠা
বীণাৰ তান,
পবিত্ৰ ধামৰ
পুৰণি থান।
বন্ধুত্ব
আবেগত উতলা
মৌ-মিঠা গান,
হাতে হাত ধৰাৰ
সুৰীয়া ঐক্যতান।
বন্ধুত্ব
বাটৰ দাঁতিৰ
ফুলৰ ওৰণি,
বন্ধুত্ব
দীঘলীয়া যাত্ৰাৰ
মলয়া জুৰণি।
সাহসৰ বজ্ৰমুঠি,
আদৰৰ কণ্ঠমণি,
খোপাত গুজি লোৱা
মালতী এপাহি,
হিয়াত জিলিকাই বোল বন্ধুত্ব আকাশৰ
চিকমিক বিজুলী।
বন্ধুত্ব
হেঁপাহ জুৰুৱা
গীতৰ কলি,
বন্ধুত্ব
সঞ্জীৱনী মন্ত্ৰৰ
তাম্ৰফলি।
দেৱদূত হৈ
কল্যাণ মন্ত্ৰৰ
বন্ধুত্বই জিনে
গভীৰ অন্তৰ!
বন্ধুত্ব মনৰ দাপোন,
বন্ধুত্ব হিয়াৰ আপোন-
বন্ধুত্ব
কুলুকুলু বৈ থকা
মৰমৰ নদী,
আকাশ সাৱতি ধৰা
সাতোৰঙী ৰামধেনুখনি!
🌈🌈🌈🌈
No comments:
Post a Comment