সূৰুয আনুদিনে তুমি আঁহা
আকাশৰ বুকুত
সিঁচি যোৱা আভা,
আঁতৰাই নিশি,
বোলাই দিয়া
বিচ্ছুৰিত ৰহণৰ বিভা,
প্ৰাত্যহিকতাকো দিয়ে যি
অৰ্থ অভিনৱ,
দৈনন্দিনক ৰঙাই তোলে,
প্ৰোজ্জল কৰি অৱয়ব,
প্ৰতিনিয়ত ধ্বনিত হয়
ৰাগ মেঘ- মল্লাৰ
উপাচাৰেৰে সজাই কৰণি
নিনাদিত আহ্নিক আৰতি
অসীম দিগন্তত
পোহৰৰ মণিমালা
আউসীৰ পাছত
একাদশীৰ একলা
মুষ্টিবদ্ধ হাতত
আশ্বাসৰ সোপান,
ৰঙত বাঢ়ি আহে
জীৱনৰ স্পন্দন!
No comments:
Post a Comment