পুৱাৰ বতৰা!
মুগ্ধ নয়নে চালোঁ
আকাশৰ বুকুত ইমান সাজোন !
ৰিবৰিব মলয়াৰ
পূবালী নাচোন,
নিৰ্মল হয় আজি
মনৰ দাপোন,
গঢ়ি যায় এটি
নতুন সপোন।
পুৱাৰ কেনভাচত
নানাৰঙী বোল,
থৌকি-বাথৌ
হিয়াৰ কলৰোল।
এখন নৈ যেন -
উন্মনা আকুল,
পালতৰা নাওখনি
আশাৰে তুলবুল।
নীলিমাত ভাঁহে
মেঘ মঞ্জৰী
আবেশত পমে
নিজানৰ জুৰি।
মন মোৰ উৰি গʼল
অসীম ধিয়াই,
চৌদিশ আছে
পোহৰে উপচায়!
🌈🌈
No comments:
Post a Comment