Thursday, August 5, 2021

আকাশ


 আকাশ


এদিন 

নৈৰ পানীত মুখ থৈ

আকাশৰ প্ৰতিবিম্বলৈ চাম।


উজলিব সপোন-

আকাশক বুকুতে পাম।


কেতিয়াবা ভাবোঁ

উৰি যাব পৰাকৈ

এটুকুৰা মেঘ 

হʼব পৰা হʼলে-

পাতিলোহেঁতেন 

কতনা কথা,

কʼলেহেঁতেন তৰালিয়ে

ফুল আৰু গানৰ গাঁথা।


কজলা মেঘত জিলিকিলহেঁতেন

চিকমিক বিজুলীৰ ৰেঘা-

বৰষাই  উজলাই যʼত 

আনন্দৰ প্লাৱনধাৰা।


দিগন্ত বিয়পি উজলিব

ৰঙ বিৰঙৰ

এখনি ৰামধেনু,

বতাহত বিয়পিব 

আকুল স্নেহেৰে

গুটিমালি ফুলৰ ৰেণু।


নিয়ৰৰ স্ফটিকহৈ

পুৱাটি পোহৰাই

সৰিব মুকুতামণি,

অপলক নয়নত  

জিলিকি উঠিব

জীৱনৰ উদগণি।


@Barnali Deuri

04/08/21


No comments:

Post a Comment