মাজুলী!
ভূগোলত পঢ়িছিলোঁ
নদীৰ বুকুৰ মাজ ঠাই তুমি,
পানীয়ে আৱৰি ৰাখা
মাটিৰ দোপ দিয়া খোজ তুমি,
সকলো কষ্ট সামৰি
নিৰন্তৰ আঘাত পাহৰি
নিমিষতে শস্য শ্যামলা হোৱা তুমি,
ফুল, তৰা, পখীয়ে গান গোৱা
ৰʼদে ভৰা উজ্বল গাঁও তুমি,
দোভাগ নিশা কানায়ে বাঁহী বোৱা
ৰাস পূৰ্ণিমাৰ জোনাক তুমি,
সৰিয়হ ফুলা হালধীয়াৰ
উৰি ফুৰা যেন মৌ-মাখিজনী
আকাশৰ নীলিমাত ঢৌ তোলা
আলফুল মেঘৰ ঠিকনা কিজানি,
কংসবধ ভাওনাৰ আখৰাতলিৰ পাঠশালা তুমি,
ৰাম বিজয় নাটৰ অনুশীলনৰ অনুচ্ছেদ তুমি,
বুঢ়ী সূঁতি আৰু সোৱণশিৰি
খেৰকুটীয়া সূঁতি , দিহিং, ধনশিৰি,
তোমাতেই মিলি জাহ যায়,
মৈত্ৰীৰ মন্ত্ৰেৰে একেটা সূঁতিতে
সকলোৱে বান্ধ খায়,
মিচিং, দেউৰী, সোনোৱাল সকলো মিলি
নানা জাতি উপজাতিৰ মিলনৰ থলি,
একতাৰ বৰঘৰৰ লাইখুটা তুমি,
বাৰে বৰণীয়া কৃষ্টি সংস্কৃতিৰ
সাধকৰ কৰ্মভূমি তুমি,
শ্ৰীমন্ত শঙ্কৰদেৱে বোৱালে
ভগৱত প্ৰেমৰ ধাৰা,
প্ৰেমৰ অমৃতৰ নদী
বৈ আহিল বৈকুণ্ঠৰ পৰা,
বৰগীত, ভটিমা, সত্ৰীয়া নৃত্য আৰু ভাওনা,
নাম ধৰ্ম সামৰি সমাজ সংস্কাৰিলা,
যৱনৰ চান্দসাই, আহোমৰ নৰহৰি, গাৰো গোবিন্দ,
ভোটৰ জয়ৰাম, ভকত হʼল দেখো মিৰি পৰমানন্দ,
সাৱটিলা সবাকো সমানে দিলা মাত্ৰা
তেজস্বিলা প্ৰকাশ কৰি অঙ্কন চিহ্ন যাত্ৰা,
"ব্ৰাহ্মণ চণ্ডালৰ নিবিচাৰি কুল,
দাতাত, চোৰত যেন দৃষ্টি একতুল"
আজিও মাজুলীয়ে প্ৰকাশে তোমাক,
শিল্প আৰু কৰ্ম ই আকৰ্ষে আমাক,
বিছু নে ঐনিতম, ঢোল, পেপা শুনি ৰʼম,
আজন্ম শুনি বʼব লুইতৰ ঘাট
নৈপৰীয়া তেজাল ডেকাৰ সূহুৰিত
সাৰ পাব নিতাল নদীৰ ঘাট,
বিজুলীৰ গাজনি নিমাত কৰি
নাৱে নাৱে ধ্বনিত হʼব বিহু গীত অমাত,
আশোৱাৰী, কল্যাণ, ভাটিয়লী, ৰাগৰ সতে
প্ৰতিদিন সূৰুজ উদয় হʼব,
অনামী চৰাইৰ সুললিত সুৰত
বিগলিত হিয়াৰ সুৰ বʼব,
মাজুলী শুনিলেই তোমাৰ নাম
ৰঙে ৰসে উপচে হৃদয়,
বাৰিষাৰ কোবাল খৰস্ৰোতা নদীখনি
খৰালিত শান্ত আকুল হৈ ৰয়।
No comments:
Post a Comment