জলছৱি
ফট ফটীয়া পানীত
চট ফটীয়া মাছৰ উজান উঠে,
খমখমীয়া নোটে কাৰ
টোপনি হ'ৰে
কিমান শকতি আছে
নয়া পইচাৰ,
এটাকা ৰূপ চিকাৰ!
মাটিৰ টেকেলী কিম্বা
বাঁহৰ খুটাত জন জনাই উঠে
সমস্ত জগত ধনৰ জোৰতেই ঘূৰে
প্রয়োজনৰ সি পৰম সম্পদ,
আধিক্যবোৰ আঙুলিৰ ফাকেৰে সৰে,
সুখ পিছে ৰূপ সিকাৰে
কিনিব নোৱাৰে,
আনৰ সুহৃদ যি
কৃষ্ণৰ সুদামা সি,
সুখ আৰু সন্তুষ্টিৰ
সৰল জীৱন এটি!
No comments:
Post a Comment