সৰুতে ৰং ৰং খেলিছিলো,
কি ৰং লাগিব কোৱা?
দৌৰি দৌৰি গৈ
সেই ৰং বিচাৰি ওলোৱা,
কি যে মজাৰ খেল আছিল,
সপোনৰ সাত ৰঙৰ ৰামধেনুৰে
চোতাল জিলিকি উঠিছিল,
বাগিছা ভৰি উঠিলে
এতিয়াও পাঁও তাৰ সৌৰভ,
আমোলমোল সুগন্ধৰ
তৰঙ্গিত উৎসৱ!
No comments:
Post a Comment