লঠঙা ঠাল সাৱটি ফুলি আছে
তেজ ৰঙা শিমলুৰ ফুল
বিশাল আকাশ জুৰি
কপহুৱা মেঘৰ কলৰোল
নীল গগনত তৰাৰ দেশৰ সাধু
বৈ পৰা বিচ্ছুৰিত পোহৰৰ মায়াবী যাদু
জাকি মাৰি হাতীপটিয়ে বুলে নীলনভৰ বাট
ঐৰাবতে পানী খোৱা ইন্দ্ৰৰ সোনখটোৱা ঘাট,
মহাকাশত বিলিন হয় নীহাৰিকাৰ স্বপ্ন
সুউজ্জল পোহৰৰ বৰ্ণমালাত দুচকুৰ কল্প।
No comments:
Post a Comment