খিৰিকিৰে দেখাএচমকা আকাশ
তাতেই আছে ৰʼদচেৰেঙাৰ কিমান যে হেপাহ,
ভৰুণ নেমুফুলৰ ফুৰফুৰীয়া গোন্ধ হৈ
মিলি যায় বতাহৰ সতে,
কপহুৱা মেঘৰ সপোনবোৰো
ভাঁহি যায় দিকবলয় জুৰি লানি পাতি,
আকাশৰ নীলিম চেলেং খনত
সাধুকথাৰ আঁচল মেলি
আটকীয়া আঁচুফুল তোলে,
সোনতৰা ৰʼদৰ এথোপা গোন্ধ
কমলাবুলীয়া চৰাইহৈ উৰে।
No comments:
Post a Comment