পোহৰৰ আত্মকথা
এন্ধাৰত অনুভৱ কৰিব নোৱাৰোঁ
পোহৰৰ ৰূপ, বৰ্ণ আৰু স্পৰ্শ,
ঘোপমৰা এন্ধাৰত একোকে নমনো
বতাহত উৰি ফুৰা ধুলিকণা,
বা শুভ্ৰ বালিছন্দাৰ সৰু কণা
এন্ধাৰত মই বিচাৰি ফুৰো
এধানি ৰʼদৰ কণমানি কণা
সৰু সৰু ৰেঘা টানি
মিলি মিলি হয়
পোহৰৰ সৰল ৰেখা,
এন্ধাৰ লুকাই পৰে
পোহৰৰ সিপাৰে
সংকুচিত হয় আয়তন তাৰ,
প্ৰতি নিয়ত বিলুপ্তিত অৱস্থিতি যাৰ,
পোহৰৰ সমাবেশ কʼত?
পোহৰৰ অনুপস্থিতিতেই এন্ধাৰ বিদ্যমান,
পোহৰৰ জয়যাত্ৰাই কৰে এন্ধাৰৰ অৱসান।
No comments:
Post a Comment