থাকেনে অনুভূতিৰো ৰং
ৰামধেনু বুলীয়া…
লাজত পৰি ৰঙা-চিঙা
খংঙত হৈ ৰঙা-কলা
ইৰ্ষাৰ ৰং ইৰ্ষৎ বেঙুণীয়া
অন্যায়ৰ ৰং হালধীয়া
হাঁহিৰ ৰং উচ্চল নিজৰা
বিশালতাই দিয়ে সেউজীয়া
পবিত্ৰতাৰ শুভ্র ৰং
অপমানৰ কেহেৰাজ বৰণীয়া
বেদনাৰ নীল নীলিমাই
ভেদে গভীৰ সাগৰ
মৌনতাই পিন্ধাই
ক’লা চাদৰ
থাকেনে অভিমানৰো ৰং
সুমথিৰা বুলীয়া
সোনতৰাৰ গোন্ধেৰে
মন ওন্দোলোৱা
বিৰহৰ অগনি ছাঁই বৰণীয়া
সান্তনাই নিদিয়ে ছাঁ মন পৰশোৱা
ফেহুঁ বৰণীয়া হৃদয়
সন্তাপত দগ্ধ হয়
প্রেমেও ৰঙাই জীৱনক আলফুলেৰে সাতোৰঙেৰে
আজীৱন কপৌ-কেতেকীৰ আমোলমোলেৰে.....
(ফাকুৱাৰ ৰং ধুলেই উটি যায়,
জীৱনৰ ৰঙে মনত সাঁচ বহুৱাই)
No comments:
Post a Comment