যিয়েই নোকোৱা কিয় তুমি
হৈ উঠে বাৰিষাৰ গান
যিহকে নোগোৱা কিয় তুমি
আনে সি উন্মক্ত বান
ঢল হৈ উটি যায় দুখবোৰ….
সুখবোৰ ফুলি উঠে পাৰিজাত হৈ
তুমি অহাৰ বাতৰি পাই
তৃষ্ণাতুৰ চাতকৰ দৰে
মই পিউ আজলি ভৰাই
ভয় হয় জানোচা ই
থিতাতে হেৰাই.............
No comments:
Post a Comment