শব্দবোৰে পিয়াপি দি ফুৰিছে
মন মগজু আৰু হৃদয়ত
জন্ম দিব খোজে এক নতুন ৰূপান্তৰৰ
যি কপাই তুলিব
সমাজ জীৱন আৰু মানৱক
সৃষ্টি কৰিব এক নতুন সুচনাৰ
পুৱাৰ হেঙুৱালী কিৰণৰ
উদয় হব নতুন প্ৰজন্মৰ
মানুহৰ নিৰ্লিপ্ততাৰ পৰিকাঠামো ভাঙি
সিঁহত শব্দভেদী বাণ হ'ব
হেজাৰজনৰ বিবেক জাগ্ৰত কৰিব পৰা
অগ্নিৰ স্ফুলিঙ্গ হৈ কথা কব
যি শব্দই মাথোন জয়গান গাব মানবতাৰ
মনুষ্যৰ পৰাই মনুয্যৰ হকে মনুষ্যৰ দ্বাৰা
ভেদাভেদৰ বিভেদ আঁতৰাই
সমতাৰ ডোলেৰে বান্ধি
সকলোকে এক কৰিব
শান্তিৰ নিজৰা বোৱাই
হাঁহিৰ অমল সঁফুৰা আনিব
উৎকৃষ্টতাৰ জয়গান গাব....
অবিনশ্বৰ "শব্দ" ই
অমৃত কুম্ভৰ সন্ধান দিব............
"শব্দ"ৰ এই অনুভুতি পঢ়ি বৰ ভাল লাগিল৷
ReplyDeleteআপোনাৰ কবিতা পঢ়ি ভাল লাগিল৷ আগলৈও লিখি থাকিব৷
ReplyDelete