Thursday, May 5, 2011

সমীপেষু..........

          এইবাৰ আহিবা তেনে জোনবিল মেলালৈ..
          কাঁচি জোন যেন বিল খনৰ পাৰতে,
  ইকান্ধি সিকান্ধিকৈ থকা দুখৰ ডাঙৰি ভাৰ
          সলাই বা মোৰ সতে
        বিনিময়্ত ময়ো দিব পাৰো,
         আঘোনীয়া শইচৰ সোনোৱালী পথাৰখন বুকুত বান্ধি
           মেটমৰা গুটি ধানৰ সুখৰ ভৰাল
         নাইবা সলাই পাৰা 

      কৄত্ৰিম      আবেগবোৰ
           তেজাল কিছু অনুভুতিৰ সতে,

           বিৰক্তি, হ্তাশা, ক্লান্তিৰ মোনা উদঙাই
          জোলোঙা ভৰাই লৈ যাবা
       চট-ফটাই থকা মিঠা মিঠা কিছু অনুভৱ,
         বেদনাবোৰো মেলি দিবা হাট খনতে
          নীলকণ্ঠ পাৰো লাহ পি
          নীলাভ হাঁহিৰে জিনিব খোজো জীৱ্ন,
        বুকুৰ ভিতৰত গজি থকা বট  গছজোপাহৈ
           ছাঁ দিব খোজো অমৄতৰ সন্তানক......


     পুনশ্ব : তাৰিখটো নাপাহৰিবা..মাঘী পূৰ্ণিমাৰ প্ৰথম সপ্তাহতে....

No comments:

Post a Comment