Thursday, May 5, 2011

সন্ত্ৰাসবাদ

থাকেনে বিভেদ মৃতুত
তপ্ত বুলেট
অথবা বাৰুদৰ ধোঁৱাত ?

কিম্বা দুখবোৰ হয়নে
কম বা বেছি আত্মী্য়হাৰাৰ
সন্ত্ৰাসবাদীৰ জাতি বা ধৰ্ম্মলৈ ?

পিতৃ অথবা মাতৃহাৰা নিঠৰুৱাৰ,
জননীৰ শীতল উদং কোলাত
সান্তনাৰ প্ৰলেপ সানিব
পাৰেনে তেজৰ আদৰ্শবাদে..?

সৰুতে চৰাই চিৰিকতিও মাৰিবলৈ
কপি উঠা হাতখনেযে
আজি বাৰুদৰ সতে খেলা কৰিলে
'তযে মাতৃৰ বুকু বিদিৰ্ণ হয..
তাৰ হিচাব কোনে লয়..
দুখবোৰ সকলোৰে একে..

তেজৰ নাই কোনো
জাতি, ভাষা বা ধৰ্ম্ম..
ঠিক তেনেদৰেই .......
যেনেদৰে সন্ত্ৰাসবাদীৰো নাই কোনো
জাতি, ভাষা বা ধৰ্ম্ম..


চোতালত প্ৰিয়জনৰ সমাধিলৈ চাই
চকুলোৱে হুমুনিয়াহ টোকে..
কলিজাৰ তেজৰ ৰং সকলোৰে ৰঙা
দুখবোৰ সকলোৰে একে....


























No comments:

Post a Comment