Sunday, March 24, 2013

ৠতু







সকলো  ৠতুৰে থাকে হেনো 
নিজস্ব সময় 
অহাৰ বা যোৱাৰ
তেন্তে কেনেকৈনো কওঁ
আহিবিয়েই বা ৰৈ যা বুলি
বৰ্ষাৰ জীপালতাই তো
সজীৱ কৰে
ঠেটুৱৈ লগা বিৰিখক
লঠঙা  ডাল পাতে
কুঁহিপাত পিন্ধে
ফাগুনে ৰিঙা ৰিঙা কৰে
উদাস  আবেলিবোৰ
সৰাপাতৰ সতে উৰুৱাই
বালিৰ ধুমুহাবোৰ
চতে জানো নিনিয়ে ব‍ই
বৰদৈচিলাক আইৰ  ঘৰলৈ

No comments:

Post a Comment