Wednesday, August 22, 2012

বধ্যভূমি













উশাহ  নুঘূৰোৱাকৈয়ে  সুধিব  পাৰি
  দুটা  শাণিত শব্দৰ প্ৰশ্ন
শত্ৰু  কোন  মিত্ৰ  কোন
আজিযে  সকলো  অভিন্ন
মোৰ  বুকুৰ  জুইয়ে  দহিছে  তোমাৰো  কোলা
তোমাৰ শক্তিশেলে  কঁপাইছে  মোৰেনো  বৰঘৰৰ দোলা,
বতাহত  উৰিছে  অশান্ত  আশঙ্কাৰ  বা
থৰ-থৰকৈ  কঁপিছে নিদিয়ে দুচকুত ছাঁ,
হয়তো  নহা  হলেই  ভাল  আছিল 
এমুঠ  দীঘল  এহালিছা  সময়
জাপি কুছি  ৰাখিবানো   ক’ত
 বৰপেৰাৰ  বৰজাপত  বিপন্ন  নিৰাময়
 নুসুমোৱাই  ভাল  জলন্ত  বাস্তৱৰ  আস্তান
ভাঙি ছিগি  উৱলি যোৱা  সময়ৰ দাস্তান
  যদি  ৰাখিবই  খুজিছা  ধৰি
  জুয়ে  দহা  বিবৰ্ণ  ইতিহাস
 শঙ্খত  দিয়া   তাণ্ডব  ফূ  ৰ  তান
বাজি  উঠক  আজি  মানবতাৰ  জয়গান

No comments:

Post a Comment