Sunday, July 22, 2012

মহাজীৱনৰ আধাৰশিলা

গঢ়িব খুজিছা  নেকি  তেওঁৰ   সতে 
 মহাজীৱনৰ   আধাৰশিলা
জানিবা ,  কণ্ঠ  নিগৰাই  গোৱা  গীতবোৰ
এক  হৈ  পৰিব  সিদিনা
সুখ কিম্বা  দুখত  একাত্মা
হ’ম  বুলি  প্ৰতিশ্ৰুতি বদ্ধনে ?
জোৱাৰ - ভাটাই  উত্তাল  কৰিব  পাৰে সাগৰ
বিশ্বাসৰ  বঠাপাটত  খোদিত  ক’ৰা  তেওঁৰ  নাম
শেষ  বিন্দুত  দেখিবা   তেওঁৰেই  আঙুলীৰ  ছাপ
পান   কৰা  পিয়লা  ভৰাই
হাঁহি  আৰু   চকুলো বোৰ
মচি  দিবা  নিগৰা  অশ্ৰুকণা বোৰ   ইজনে  সিজনৰ
হিয়াৰ   আখলত  উজলাই  তুলিব  তেওঁ  তোমাৰ   সপোনবোৰ
ঢাল  হৈ   ৰোৱা  যেন  উভয়ে  উভয়ৰ
এক  হৈয়ো   আপোনত্বৰে     উদ্ভাসিত
পোৱা  নোপোৱাৰ  ঘৰ  শূন্য  হলেও
শেষ  বিজয়  দুয়োৰে
তোমাৰ চিৰ লগৰী  তেওঁৰ হাঁহিটি
মহাজীৱনৰ   জ্যোতিৰে প্ৰস্ফুতিত




No comments:

Post a Comment