প্ৰাৰ্থনাৰ প্ৰোজ্জল হাতেৰে
খুলি দিব খোজো মন্দিৰৰ বাট
যি বাটেৰে ৰ’দৰ খোজেৰে
সোমাই আহিব হেজাৰ জনৰ মঙ্গল ধ্বনি ভাস্বৰ হৈ উঠিব হেজাৰ বছৰীয়া তাম বিগ্ৰহ জোনাকৰ মমতাত উজলিব আশাৰ শলিগছি
পবিত্ৰ শিখাই পোহৰাব সপোনৰ বাটচ’ৰা,
লৌহ - কঠিন শৄংখল খুলি
হেজাৰ বাধাৰ প্ৰাচীৰ ভাঙি
তিমিৰ ৰাতিৰ আন্ধাৰ নাশি
বজ্ৰৰ হাতেৰে ওফৰাই দুৰ্দ্দিন,
আহক যেন পুনৰ ঘূৰি
সেই সোনালী সুদিন.......
No comments:
Post a Comment