Wednesday, April 25, 2012

অবিশ্ৰান্ত


মোৰ সৰল দুহাতত
জিলিকি ৰয় এমুঠ সপোন
তোৰেই ঘৰত জিৰণি লয়
ক্ষণিকতাৰ হাত সাৱতি
জীৱনৰো আৰম্ভনি তাতেই
সাগৰ যেন পৰিব্যাপ্ত পৰিধি
অসমাপ্ত দ্ৰুত গতি
গতিৰোধকৰ সমাহাৰত
মিচিলত মন্ঠৰ
কন্টকত মৄসণ
একাকীত্বত পৰিপূৰ্ণ
উজনি সোঁতত দৄঢ়
ভাটিয়লীত উঁভহা
তীক্ষ্ণত মধুৰ
কঠোৰত কোমল
আঘাটতত অবিচল
অশান্তত শান্ত
অনৰ্থকত সদৰ্থক
অপ্ৰিয়তো প্ৰিয়
গৰলতো সঞ্জীৱনী সুধা
বিচাৰি লওঁ
তাতেই যেন আছে
সপোনটোৰো আৰম্ভনি


No comments:

Post a Comment