Wednesday, December 22, 2010

শব্দ




   শব্দবোৰে পিয়াপি দি ফুৰিছে
      মন মগজু আৰু হৃদয়ত
        জন্ম দিব খোজে এক নতুন  ৰূপান্তৰৰ
         যি কপাই তুলিব
      সমাজ জীৱন আৰু মানৱক
   সৃষ্টি কৰিব এক নতুন সুচনাৰ
        পুৱাৰ হেঙুৱালী কিৰণৰ
        উদয় হব নতুন প্ৰজন্মৰ
       মানুহৰ নিৰ্লিপ্ততাৰ পৰিকাঠামো ভাঙি
       সিঁহত শব্দভেদী বাণ হ'ব
        হেজাৰজনৰ বিবেক জাগ্ৰত কৰিব পৰা
     অগ্নিৰ স্ফুলিঙ্গ হৈ কথা কব
    যি শব্দই মাথোন জয়গান গাব মানবতাৰ
  মনুষ্যৰ পৰাই মনুয্যৰ হকে মনুষ্যৰ দ্বাৰা
     ভেদাভেদৰ বিভেদ আঁতৰাই
    সমতাৰ ডোলেৰে বান্ধি
    সকলোকে এক কৰিব
      শান্তিৰ নিজৰা বোৱাই
    হাঁহিৰ অমল সঁফুৰা আনিব
   উৎকৃষ্টতাৰ জয়গান গাব....
     অবিনশ্বৰ "শব্দ" ই
     অমৃত কুম্ভৰ সন্ধান দিব............

2 comments:

  1. "শব্দ"ৰ এই অনুভুতি পঢ়ি বৰ ভাল লাগিল৷

    ReplyDelete
  2. আপোনাৰ কবিতা পঢ়ি ভাল লাগিল৷ আগলৈও লিখি থাকিব৷

    ReplyDelete